Loading...

গোপনীয়তা নীতি

টাটা মটৰ্চ লিমিটেড (ইয়াৰ পাছত “টিএমএল” বুলি উল্লেখ কৰা হব)আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষা আৰু গোপনীয়তা ৰক্ষাৰ বাবে বদ্ধপৰিকৰ। আপোনাৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণত আপোনাৰ গোপনীয়তাৰ সুৰক্ষা হৈছে আমাৰ বাবে এক উদ্বেগৰ বিষয় যাক আমি আমাৰ ব্যৱসায়িক প্ৰক্ৰিয়া সমুহত বিশেষ গুৰুত্ব প্ৰদান কৰো। প্ৰযোজ্য আইনী ব্যৱস্থা অনুসৰি আমি সংগৃহীত ব্যক্তিগত ডাটা সমুহ ব্যৱহাৰ কৰো।

এই গোপনীয়তা নীতিৰ মুল উদ্দেশ্য হৈছে আমাৰ দ্বাৰা সংগ্ৰহ কৰা ব্যক্তিগত তথ্য সমুহৰ প্ৰ্কৃতি, কি উদ্দেশ্য আগত ৰাখি এই তথ্য সমুহ সংগ্ৰহ কৰা হৈছে, ইয়াক কি দৰে ব্যৱহাৰ কৰা হব, এই ডাটা সমুহৰ পৰৱৰ্তী প্ৰক্ৰিয়াকৰণ তথা আমাৰ সৈতে ভাগ বতৰা কৰা ব্যক্তিগত ডাটা সমুহ্ৰৰ ক্ষেত্ৰত আপোনাৰ কি অধিকাৰ সেই বিষয়ে দৃষ্টিগোচৰ কৰা।এই গোপনীয়তা নীতিয়ে আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা সম্পৰ্কীয় আপোনাৰ অধিকাৰ সমুহ নিৰ্ধাৰণ কৰে। এই গোপনীয়তা নীতিয়ে টিএমএল এ সংগ্ৰহ কৰা আপোনাৰ তথ্য সমুহ কি দৰে ব্যৱহাৰ কৰা হব, কি দৰে বজাই ৰখা হব, ভাগ বতৰা কৰা হব, সংৰক্ষিত কৰা হব আৰু কি দৰে আপুনি পৰৱৰ্তী সময়ত আপোনৰ তথ্য উন্নীত কৰিব পাৰিব সেই বিষয়ে বৰ্ণনা কৰে।ইলেক্ট্ৰ্নিক বা কাগজকে ধৰি যিকোনো বিন্যাসত ইউৰোপীয় অৰ্থনৈতিক ক্ষেত্ৰৰ (‘ইইএ”)পৰা টিএমএল এ প্ৰাপ্ত কৰা সকলো ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত ই প্ৰযোজ্য হয়।তলত উল্লেখ কৰা তাৰিখৰ পৰা ই প্ৰযোজ্য হয় আৰু এই তাৰিখৰ পৰৱৰ্তী পৰ্য্যায়ত আমি আপোনাৰ তথ্য সমুহ ব্যৱহাৰ কৰো

এই গোপনীয়তা নীতিৰ বাহিৰেও সাধাৰণতে আপুনি আপোনাৰ ব্যক্তিগত চিনাকীকৰণ অবিহনেও আমাৰ ৱেবছাইটত সোমাব পাৰে/ব্যৱহাৰ কৰিব পাৰে। টিএমএল এ আপোনাক আপোনাৰ চিনাকীকৰণ অবিহনে ৱেবছাইট ব্যৱহাৰ কৰিব পৰাৰ বিকল্প প্ৰদান কৰিব যিটো নেকি বিধিসন্মত ভাৱে সম্ভব। ৱেবছাইট চাই থকাৰ সময়ত আপুনি বিছৰা উৎপাদন, সেৱা সম্বন্ধীয় তথ্য সমুহ অধীক গুনগত মানদণ্ডৰে প্ৰদান কৰিবৰ বাবে ৱেবছাইটৰ কিছুমান অংশক আপোনাৰ ব্যক্তিগত তথ্যৰ প্ৰয়োজন হব পাৰে।আমাৰ ৱেবছাইট ব্যৱহাৰ সন্দৰ্ভত তলত উল্লেখ কৰা চৰ্তাৱলী সমুহ পঢ়িবলৈ আৰু বুজিবলৈ অনুৰোধ জনোৱা হ’ল।ৱেবছাইটৰ ব্যৱহাৰৰ সময়ত আপোনাৰ দ্বাৰা এই চৰ্তাৱলী সমুহ বিনা চৰ্তে মানি লোৱা বুলি ধৰা হয়। এই ৱেবছাইটটো তেতিয়া ব্যৱহাৰ কৰা উচিত যেতিয়া আপুনি আমাৰ গোপনীয়তা নীতি সম্পকীয় চৰ্তাৱলী সমুহৰ প্ৰতি সন্মতি জনায় আৰু আপুনি ইচ্ছাকৃত ভাবে টাটা মটৰ্চ লিমিটেডক আপুনি প্ৰদান কৰা তথ্য সমুহ ইয়াৰ গোপনীয়তা নীতি অনুসৰি ব্যৱহাৰ কৰিবলৈ অধিকাৰ প্ৰদন কৰে।যদি আপুনি আমাৰ চৰ্তাৱলী সমুহৰ সৈতে একমত নহয় নতুবা যিকোনো কাৰণত আমাৰ ৱেবছাইটৰ প্ৰতি সন্তুষ্ট নহয় নতুবা আন যি কোনো কাৰণতেই নহওক কিয় আপোনাক ৱেবছাইট ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হব।

এই গোপনীয় নীতি পঢ়িবৰ বাবে আপোনাক আমি উদগনি জনাইছো।

ব্যক্তিগত তথ্য যি বোৰ আমি সংগ্ৰহ কৰো

ব্যক্তিগত তথ্যই সেই সমুহ তথ্যক বুজায় যিয়ে টিএমএল ক আপুনি কোন সেই বিষয়ে বিশেষ ভাৱে জনাত সহায় কৰে আৰু যাক নেকি পৰিছয়, যোগাযোগ তথা আপোনাক বিছাৰি উলিওৱাত সহায় কৰে (যেনে নাম, বয়স, লিংগ, মেইল পঠোৱাৰ ঠিকনা, টেলিফোন নম্বৰ আৰু ই-মেইল ঠিকনা)আমি আপোনাৰ ব্যক্তিগত তথ্য তেতিয়া সংগ্ৰহ কৰো যেতিয়া আপুনি আমি চলোৱা জৰীপৰ প্ৰতি সহাৰি দিয়ে, আমি আয়োজন কৰা অনুষ্ঠান সমুহত আপুনি নিজকে পঞ্জীয়ন কৰে, ব্যক্তিগতকৃত সেৱা সমুহৰ বাবে পঞ্জীয়ন কৰে, উৎপাদিত সামগ্ৰী সমুহৰ বিষয়ে তথ্য বিছাৰি অনুৰোধ জনায় নতুবা আমাৰ সেৱা লাভ কৰে তথা গ্ৰাহকে সহায় বিছাৰি জনোৱা অনুৰোধৰ সময়ত।আমাৰ কামত অহা আপোনাৰ ব্যক্তিগত তথ্য যেনে আপোনাৰ নাম, ঠিকনা, জিপ কোড, ফোন নম্বৰ, ই-মেইল ঠিকনা, আই পি এদ্ৰেছ, স্থানৰ তথ্য, আপুনি ব্যৱহাৰ কৰা সজুলিৰ বিসয়ে তথ্য প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাব পাৰো। আপোনাৰ সম্বন্ধে টিএমএল ৰ ওচৰত মজুত থকা সকলোবোৰ ব্যক্তিগত তথ্য সদায় পোনপটীয়া ভাৱে আপোনাৰ পৰা নাহিবও পাৰে। উদাহৰণ স্বৰুপে এই তথ্য সমুহ আপোনাৰ নিয়োগকৰ্তা নতুবা আপুনি জড়িত হৈ থকা অন্যান্য সংগঠন সমুহৰ পৰাও আহিব পাৰে। যি কি নহওক আপুনি যেতিয়া এই ৱেবছাইটৰ সৈতে মত বিনিময় কৰে নতুবা এই ৱেবছাইটে আগবঢ়োৱা সেৱা সমুহ ব্যৱহাৰ কৰে তেতিয় টিএমএল এ আপোনাৰ ব্যক্তিগত তথ্য সমুহ সংগ্ৰহ কৰে। উদাহৰণ স্বৰূপে:

  • ব্যক্তিগত তথ্যই সেই সমুহ তথ্যক বুজায় যিয়ে টিএমএল ক আপুনি কোন সেই বিষয়ে বিশেষ ভাৱে জনাত সহায় কৰে আৰু যাক নেকি পৰিছয়, যোগাযোগ তথা আপোনাক বিছাৰি উলিওৱাত সহায় কৰে (যেনে নাম, বয়স, লিংগ, মেইল পঠোৱাৰ ঠিকনা, টেলিফোন নম্বৰ আৰু ই-মেইল ঠিকনা)আমি আপোনাৰ ব্যক্তিগত তথ্য তেতিয়া সংগ্ৰহ কৰো যেতিয়া আপুনি আমি চলোৱা জৰীপৰ প্ৰতি সহাৰি দিয়ে, আমি আয়োজন কৰা অনুষ্ঠান সমুহত আপুনি নিজকে পঞ্জীয়ন কৰে, ব্যক্তিগতকৃত সেৱা সমুহৰ বাবে পঞ্জীয়ন কৰে, উৎপাদিত সামগ্ৰী সমুহৰ বিষয়ে তথ্য বিছাৰি অনুৰোধ জনায় নতুবা আমাৰ সেৱা লাভ কৰে তথা গ্ৰাহকে সহায় বিছাৰি জনোৱা অনুৰোধৰ সময়ত।আমাৰ কামত অহা আপোনাৰ ব্যক্তিগত তথ্য যেনে আপোনাৰ নাম, ঠিকনা, জিপ কোড, ফোন নম্বৰ, ই-মেইল ঠিকনা, আই পি এদ্ৰেছ, স্থানৰ তথ্য, আপুনি ব্যৱহাৰ কৰা সজুলিৰ বিসয়ে তথ্য প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাব পাৰো। আপোনাৰ সম্বন্ধে টিএমএল ৰ ওচৰত মজুত থকা সকলোবোৰ ব্যক্তিগত তথ্য সদায় পোনপটীয়া ভাৱে আপোনাৰ পৰা নাহিবও পাৰে। উদাহৰণ স্বৰুপে এই তথ্য সমুহ আপোনাৰ নিয়োগকৰ্তা নতুবা আপুনি জড়িত হৈ থকা অন্যান্য সংগঠন সমুহৰ পৰাও আহিব পাৰে। যি কি নহওক আপুনি যেতিয়া এই ৱেবছাইটৰ সৈতে মত বিনিময় কৰে নতুবা এই ৱেবছাইটে আগবঢ়োৱা সেৱা সমুহ ব্যৱহাৰ কৰে তেতিয় টিএমএল এ আপোনাৰ ব্যক্তিগত তথ্য সমুহ সংগ্ৰহ কৰে। উদাহৰণ স্বৰূপে:
  • আমাৰ ছাইটৰ কিছুসংখ্যক বৈশিষ্টৰ ক্ষেত্ৰত আমাক সহায় কৰিবৰ বাবে আমি এক তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীক ব্যৱহাৰ কৰিব পাৰো। আমাক সেৱা আগবঢ়োৱা পক্ষই আমাৰ হৈ আপোনাৰ তথ্য সমুহ আহৰণ কৰিব পাৰিব আৰু ইয়াক আন কোনো উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহব।
  • এই ৱেবছাইটৰ সৈতে হোৱা অন্যান্য বাৰ্তালাপকে ধৰি যেতিয়া আপুনি কোনো জৰীপৰ উত্তৰ দিয়ে এই ছাইটৰ কোনো সমস্যা সম্বন্ধে প্ৰতিবেদন দিয়ে নতুবা এই ছাইটে আগবঢ়োৱা সেৱা সমুহৰ বিষয়ে উল্লেখ কৰে তেতিয়া আমি আপোনাক আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাব পাৰো।
  • ডিলাৰশ্বিপ/ ডিষ্ট্ৰিবিউটৰশ্বিপ (ডিলাৰৰ জৰিয়তে/ডিষ্টিবিউটৰৰ আবেদন)ৰ জৰিয়তে যদি আপুনি আমাৰ সৈতে ব্যৱসায় কৰিব বিছাৰে তেতিয়া আমি আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিম।
  • আমি তৃতীয় পক্ষৰ পৰাও যেনে আমাৰ অংশীদাৰ সমুহ, সেৱা প্ৰদানকাৰী সকল আৰু ৰাজহুৱাভাবে উপলদ্দ্ব ৱেবছাইট সমুহৰ পৰাও আমি ব্যক্তিগত তথ্য সংগ্ৰহ কৰো। ই আমাৰ তথ্যৰ সঠিকতা বজাই ৰখাৰ লগতে সেৱা সমুহ উন্নীত কৰাত সহায়ক হব বুলি ভাবো।
  • ক্ৰেডিট/ডেবিট কাৰ্ডৰ বিতং তথ্য, বেংক একাউণ্ট নম্বৰ, বেংক একাউণ্টৰ প্ৰকাৰ, বেংকৰ নাম ইত্যাদিকে ধৰি পৰিশোধ সম্পৰ্কীয় তথ্য সমুহ আমাৰ সহযোগী পৰিশোধ গেটওৱে সমুহৰ পৰাও সংগ্ৰহ কৰিব পৰা যায়। এই ডাটা সমুহ একমাত্ৰ আপোনাৰ সৈতে জড়িত লেনদেন সমুহতহে ব্যৱহাৰ কৰা হব।
  • মডেল, চন, ৰং, আৰ টি অ’ পঞ্জীয়ন নম্বৰকে ধৰি বাহনৰ বিবৰণ আৰু বিলৰ নথিপত্ৰ, ওৱাৰেণ্টি বিবৰণ, ডিলাৰৰ নাম ক্ৰয় কৰা বছৰ আদি বিক্ৰীৰ তথ্যত সন্নিবিষ্ট থাকে।
  • আপুনি কেনেদৰে আমাৰ ৱেবছাইট ব্যৱহাৰ কৰিছিল তাৰ বিবৰণ।
  • ডিভাইচ ইভেণ্ট ইনফৰমেচ্‌ন যেনে কেচ্ছেছ, ছিষ্টেম এক্টিভিটি, হাৰ্ডৱেৰ ছেটিংছ,ব্ৰাউজাৰৰ প্ৰকাৰ, ব্ৰাউজাৰৰ ভষা, ৱেবছাইটত সোমোৱাৰ তাৰিখ আৰু সময়, পৃষ্ঠা সমুহত কটোৱা সময়, অন্যান্য পৰিসংখ্যা আৰু ৰেফাৰেল ইউআৰএল।

আপুনি আপোনাৰ সম্বন্ধীয়, বন্ধু বান্ধব নতুবা আন কোনো তৃতীয় পক্ষৰ তথ্য সম্বলিত আপোনাৰ ব্যক্তিগত ডাটা প্ৰদান কৰি এইটো নিশ্চিত কৰিছে আৰু গেৰাণ্টি দিছে যে এই গোপনীয়তা নীতিত উল্লেখ কৰাৰ দৰে এনেধৰণৰ তথ্য প্ৰদান কৰিবৰ বাবে আপুনি আপোনাৰ সম্বন্ধীয়, বন্ধু বান্ধব তথা তৃতীয় পক্ষৰ পৰা এই তথ্য সমুহ ফাদিল কৰিবৰ বাবে যথোপযুক্ত সন্মতি লৈছে।

আমাৰ গোপনীয়তা নীতিৰ চৰ্তাৱলী আৰু নিয়মাৱলীৰ প্ৰতি সন্মতি জনোৱাৰ পাছত আৰু ইয়াৰ গোপনীয়তা নীতি অনুসৰি টাটা মটৰ্চ লিমিটেডক আপুনি প্ৰদান কৰা সকলোবোৰ তথ্য ব্যৱহাৰ কৰিবলৈ স্ব ইচ্ছাই সন্মতি আৰু অধিকাৰ প্ৰদান কৰিহে আপুনি এই ৱেবছাইটত সোমাৱা উচিত।

সামূহিক আলোচনা বোৰ্ডসমূহ

আমাৰ ৱেবছাইটে অন লাইন সামূহিক আলোচনা বোৰ্ড, ব্লগ্‌চ আৰু অন্যান্য উপায়সমূহৰ জৰিয়তে ব্যৱহাৰকাৰী সকলক ইজনে আনজনৰ সৈতে যোগাযোগ ৰখাৰ সুবিধা প্ৰদান কৰে। এই আলোচনা বোৰ্ড সমূহত কি বিষয় উত্থাপন কৰা হয় সেই বিষয়ে আমি নজৰ নাৰাখো।আলোচনা বোৰ্ডত দাঙি ধৰা ব্যক্তিগত তথ্য সমূহৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত যিহেতু ইয়াত উল্লেখ কৰা বিষয় সমূহ আমাৰ গোপনীয়তা নীতিৰ আধীনত সুৰক্ষিত নহয় আৰু যদি আপুনি ইয়াত নিজৰ ব্যক্তিগত তথ্য দাঙি ধৰিব বিছাৰে তাৰ বাবে আমি জগৰীয়াও নহয়। প্ৰকাশৰ বাবে আমাৰ ৱেবছাইটত দিয়া আপোনাৰ ব্যক্তিগত তথ্য সমূহ ইনটাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিবও পাৰে। আন কাৰোবাৰ দ্বাৰা এই তথ্য সমূহৰ ব্যৱহাৰ নতুবা অপব্যৱহাৰ আমি ৰোধ কৰিব নোৱাৰিম।

টিএমএল ৰ ৱেবছাইটে আন ৱেবছাইট সমূহৰ লিংকো সংলগ্ন কৰিব পাৰে। টিএমএল এ সেই সমূহ ৱেবছাইটৰ গোপনীয়তা তথা বিষয়বস্তূ সম্বন্ধে জগৰীয়া নহব যদিহে:

  • আপুনি আমাৰ ৱেবছাইটৰ লিংক ব্যৱহাৰ কৰি তৃতীয় পক্ষৰ ৱেবছাইটত প্ৰবেশ কৰে; নতুবা
  • তৃতীয় পক্ষৰ ৱেবছাইটৰ জৰিয়তে আমাৰ ৱেবছাইটত প্ৰবেশ কৰে।

কিদৰে আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ব্যৱহাৰ কৰো

আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ব্যৱহাৰ কৰিব পাৰো যদিহে আমাৰ ওচৰত এই সম্বন্ধে এক উপযুক্ত কাৰণ থাকে। এক বা একাধিক কাৰণতহে আমি আপোনাৰ ডাটা ব্যৱহাৰ কৰো:

  • আপোনাৰ সৈতে থকা আমাৰ এক চুক্তি সম্পন্ন কৰিবলৈ, নতুবা
  • কোনো এক বিশেষ কাৰণত আপোনাৰ ডাটা ব্যৱহাৰ কৰিবৰ বাবে যদি আমাৰ এক বিধিগত কৰ্তব্য থাকে, নতুবা
  • যেতিয়া আমি ইয়াক ব্যৱহাৰ কৰিবৰ বাবে আপোনাৰ সন্মতি পাওঁ, নতুবা
  • আমাৰ ব্যৱসায়িক আৰু বাণিজ্যিক কাৰণ সমূহৰ কাৰণেও বৈধ স্বাৰ্থত আমি আপোনাৰ ডাটা ব্যৱহাৰ কৰো যদিও আমি আমাৰ বৈধ স্বাৰ্থৰ খাতিৰটো আপোনাৰ ডাটা সমূহৰ অপপ্ৰয়োগ নকৰো।

আমাৰ ব্যৱহাৰৰ সময়ত আপোনাৰ তথ্য সমূহ গোপনীয়তা জাননীৰ অধীনত ৰখা হয়। আমাক দিয়া তথ্য সমূহ আমাৰ সাধাৰণ ব্যৱসায়ৰ বাবে টিএমএল এ ব্যৱহাৰ কৰে। ইয়াৰ বাবে তলত উল্লেখ কৰা উদ্দেশ্য সমূহ সন্নিবিষ্ট হব পাৰে:

  • আপোনাৰ অনুৰোধ সমূহৰ প্ৰ্তি জনোৱা সহাৰিৰ ক্ষেত্ৰত;
  • গ্ৰাহক সেৱা বিষয় সমূহকে ধৰি আপোনালৈ আগবঢ়োৱা সেৱা সমূহৰ ক্ষেত্ৰত;
  • আমাৰ সৈতে থকা বৰ্তমানৰ সেৱা সমূহ, নতুন সেৱা নতুবা আমি উদ্ভাৱন কৰি থকা সামগ্ৰী সমূহৰ প্ৰচাৰৰ লগতে আপোনাৰ বাবে উপলব্ধ হব পৰা সুযোগ সমূহৰ বিষয়ে আপোনাক জনোৱাৰ ক্ষেত্ৰত;
  • আমাৰ সেৱা সমূহৰ শ্ৰীবৃদ্ধি নতুবা নতুন বৈশিষ্ট সমূহৰ বিষয়ে আপোনাক সজাগ কৰাৰ ক্ষেত্ৰত
  • আপুনি জানিব বিছৰা চাকৰি নতুবা কেৰিয়াৰৰ সুযোহ সমূহৰ বিষয়ে আপোনাক জনোৱাৰ ক্ষেত্ৰত;
  • আমাৰ ছাইট আৰু সেৱা সমূহ আপোনাৰ বাবে কাৰ্যকৰী ভাবে কাম সম্পাদন কৰাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত;
  • বিজ্ঞাপন আৰু প্ৰসাৰৰ কাৰ্যকৰিতাৰ হিচাপ লবলৈ নতুবা বুজি পোৱাৰ ক্ষেত্ৰত।
  • ৱেবচাইট, চৰ্ত আৰু নিয়মৱলী সমূহৰ পৰিবৰ্তন, ব্যৱহাৰকাৰীৰ চুক্তি, নীতি সমূহ নতুবা আন প্ৰশাসনিক তথ্য সম্বন্ধে আপোনাক গুৰুত্বপূৰ্ণ তথ্য পঠিওৱাৰ ক্ষেত্ৰত।
  • বিভিন্ন মাধ্যম যেনে ই-মেইল, টেলিফোন, টেক্স মেছেজ, পোনপটীয়া মেইল আৰু অনলাইনৰ জৰিয়তে বিপনন আৰু অনুষ্ঠান সমূহৰ বিষয়ে জনাবৰ বাবে আমি ব্যক্তিগত তথ্য ব্যৱহাৰ কৰো।যদি আমি আপোনালৈ এটা বিপনন সম্বন্ধীয় মেইল প্ৰেৰণ কৰোঁ, ভবিষ্যতে এনেধৰণৰ মেইল সমূহ প্ৰাপ্ত কৰাৰ পৰা কি দৰে দূৰৈত থাকিব পৰা যায় সেই বিষয়েও নিৰ্দেশনা দিয়া হয়।আপোনাৰ তথ্য আৰু বিপননৰ পছন্দবোৰ পৰিচালনা কৰিবলৈ আমি আপোনাৰ বাবে ইমেইল অগ্ৰাধিকাৰ কেন্দ্ৰ সমূহ বজাই ৰাখিছো। অনুগ্ৰহ কৰি মনত ৰাখিব যে যদিও আপুনি মাৰ্কেটিং ইমেইল সমূহ প্ৰাপ্ত কৰাৰ পৰা নিজকে বিৰত কৰি ৰাখিছে তথাপি আমি আপোনাৰ একাউণ্ট আৰু সদস্যতা সম্পৰ্কীয় গুৰুত্বপূৰ্ন সেৱা তথ্য প্ৰেৰণ কৰিব পাৰো।
  • সাম্ভাব্য উলংঘনৰ অনুসন্ধান কৰিবলৈ নতুবা টিএমএল আৰু আমাৰ ৱেবছাইট ব্যৱহাৰকাৰী সকলৰ অধিকাৰ, সম্পতি নতুবা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত।
  • বিধিগত দায়িত্ব: প্ৰবঞ্চনা, ক্ষয়ক্ষতি প্ৰতিৰোধ নতুবা অপৰাধ অনুসন্ধান, প্ৰতিৰোধ আৰু আটক কৰাৰ দৰে বিধিগত কাৰণ সমূহৰ বাবেওঁ ব্যক্তিগত তথ্য সমূহ লগত ৰখাৰ লগতে ইয়াক ব্যৱহাৰো কৰিব পৰা যায়।আমি আমাৰ বাহ্যিক আৰু আভ্যন্তৰীণ হিচাব নিকাছ ৰ বাবে সুৰক্ষা উদ্দেশ্যৰে আৰু প্ৰ্যয়োজনীয় বুলি ভবা যিকোনো ক্ষেত্ৰতে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰো:
  • প্ৰযোজ্য আইনৰ অধীনত যি নেকি আপুনি বসবাস কৰা দেশৰ বাহিৰৰ আইনো অন্তভুক্ত হব পাৰে;
  • আপুনি বসবাস কৰা দেশৰ বাহিৰৰ প্ৰাধিকৰণকে ধৰি বিধিবলবৎকাৰী সংস্থা সমূহ আৰু অন্য ৰাজহুৱা আৰু চৰকাৰী প্ৰাধিকৰণৰ লগতে আদালতৰ পৰা লাভ কৰা অনুৰোধৰ প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত;

আপোনাৰ অনুসন্ধানৰ প্ৰত্যুত্তৰ দিবলৈ নতুবা আপোনাৰ প্ৰতি প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ প্ৰয়োজনতহে আমি এনে ধৰণৰ তথ্য সমূহ সংগ্ৰহ কৰাত মনোনিবেশ কৰো।আপুনি প্ৰদান কৰা তথ্য সমূহ শুদ্ব, সম্পুৰ্ন আৰু বৰ্তমানৰ বুলি নিশ্চিত কৰাটো আপোনাৰ দায়িত্ব।

আমাৰ ৱেবছাইট, মোবাইল এপ্লিকেচ্‌ন নতুবা আন কোনো ব্যৱস্থাত আপোনাৰ যোগাযোগৰ বিবৰণ প্ৰদান কৰি আপুনি টিএমএল নতুবা ইয়াৰ আন কোনো সহযোগীৰ পৰা ই মেইল, এচএমএচ, ফোন কল নতুবা হোৱাটচ্‌এপ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে।

টিএমএল এ কোনো জাননী জাৰি নকৰাকৈ টিএমএল ৱেবছাইট আৰু ইয়াৰ সৈতে জড়িত সেৱা সমূহ নতুবা ইয়াৰ যিকোনো অংশত সম্পুৰ্ন ভাৱে নতুবা আংশিক ভাৱে আপোনাৰ প্ৰবেশত বাধা দিবৰ বাবে সম্পুৰ্ন অধিকাৰ নিজৰ লগত ৰাখিছে।

কেতিয়া আমি ব্যক্তিগত ডাটা ভাগ বতৰা কৰো

ব্যৱসায় পৰিচালনা কৰিবৰ বাবে নতুবা প্ৰয়োজনীয় সেৱা প্ৰদানৰ বাবে যেতিয়াই প্ৰয়োজন বুলি ভবা যায় তেতিয়াই টিএমএল এ ব্যক্তিগত ডাটা সমূহ ভাগ বতৰা কৰে নতুবা প্ৰকাশ কৰে।যদি টিএমএল এ ব্যক্তিগত ডাটা সমূহ বাহিৰত পঠিয়াব বিছাৰে তেতিয়া টিএমএল এ গোপনীয়তাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে উচিত পদক্ষেপ গ্ৰহন কৰে। আমি আপোনাৰ বিশেষ শাখা সমূহৰ ব্যক্তিগত ডাটা সংগ্ৰহ নকৰো (ই সামৰি লয় আপোনাৰ জাতি নতুবা নৃ- গোষ্ঠী, ধৰ্ম্ম নতুবা দাৰ্শনিক আস্থা, যৌন জীৱন, যৌন অভিমুখীতা, ৰাজনৈতিক মতামত, বানিজ্যিক সংঘৰ সদস্যতা, আপোনাৰ স্বাস্থ্য আৰু আনুবংশিক আৰু বায়োমেট্ৰিক তথ্য সমূহ)আমি অপৰাধ প্ৰমান হোৱা আৰু অপৰাধ সমূহৰ বিষয়েও কোনো তথ্য সংগ্ৰহ নকৰো।

টিএমএল এ আপোনাৰ সন্মতি সাপেক্ষে এই ছাইটত চাকৰিৰ বাবে দিয়া বিজ্ঞাপনৰ বাবে কৰা আবেদনৰ পৰি প্ৰেক্ষিতত টিএমএলৰ সৈতে সম্বন্ধ নথকা যিকোনো তৃতীয় পক্ষক আপোনাৰ তথ্য প্ৰদান কৰিব পাৰে নতুবা আমাৰ সৈতে জড়িত ৱেবছাইটত দিয়া সুবিধা সমূহৰ বিজ্ঞাপনৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে-

টিএমএলৰ ভিতৰত: সমগ্ৰ বিশ্বত আমাৰ ব্যৱসায়ত বিভিন্ন টিএমএল দলে সমৰ্থন কৰে আৰু কাৰ্য্য সম্পাদন কৰে, যদি প্ৰয়োজনীয় সেৱাৰ বাবে, একাউণ্ট প্ৰশাসন, বিক্ৰি আৰু বিপণন, গ্ৰাহক আৰু কাৰিকৰি সমৰ্থন, ব্যৱসায় আৰু উৎপাদন উন্নয়নৰবাবে প্ৰয়োজন হয় তেতিয়া আমি ব্যক্তিগত তথ্য সমূহৰ যোগান ধৰোঁ।ব্যক্তিগত ডাটা ব্যৱহাৰৰ সময়ত আমাৰ সকলো কৰ্ম্মচাৰী আৰু ঠিকাদাৰ সকলে আমাৰ ডাটা প্ৰতিৰক্ষা আৰু সুৰক্ষা নীতি সমূহ মানি চলিব লাগিব।

সহযোগী: আমাৰ মুল কোম্পানী, সহায়ক কোম্পানী, যুটীয়া উদ্যোগ, গোট আৰু সহযোগী কোম্পানী। এই সমূহে ওপৰত উল্লেখিত উদ্দেশ্য সমূহত এই তথ্য ব্যৱহাৰ কৰিব পাৰে।

ডিলাৰচ্‌: আমাৰ অধীকৃত ডিলাৰ সমূহ যি নিজাববীয়াকৈ মালিক আৰু পৰিচালন কৰে। বিপণন, গ্ৰাহক সেৱা আৰু আন বিভিন্ন উদ্দেশ্যত, দৈনন্দিন ব্যৱসায়িক কামকাজত ডিলাৰ সমূহে এই তথ্য বোৰ ব্যৱহাৰ কৰিব পাৰে।

ডিষ্ট্ৰিবিউটৰ: আমাৰ অধীকৃত ডিষ্ট্ৰিবিউটৰ সমূহ যি নিজাববীয়াকৈ মালিক আৰু পৰিচালন কৰে। বিপণন, গ্ৰাহক সেৱা আৰু আন বিভিন্ন উদ্দেশ্যত, দৈনন্দিন ব্যৱসায়িক কামকাজত ডিলাৰ সমূহে এই তথ্য বোৰ ব্যৱহাৰ কৰিব পাৰে।

আমাৰ ব্যৱসায়িক অংশীদাৰ সকল: আমি কেতিয়াবা কেতিয়াবা সহ-ব্ৰেণ্ডেড সেৱা প্ৰদান, সমল প্ৰদান, সভা, চেমিনাৰ আৰু অনুষ্ঠান আয়োজন কৰিবৰ বাবে আন আন সংস্থা সমুহৰ সৈতে একলগ হওঁ।এই চুক্তি সমূহৰ অংশ হিচাবে আপুনি টিএমএলৰ গ্ৰাহক আৰু আমাৰ অংশীদাৰ উভয়ে হব পাৰে আৰু আমি আপোনাৰ তথ্য সংগ্ৰহ আৰু ভগাই লব পাৰো। টিএমএলএ গোপনীয়তা জাননী অনুসৰি আপোনাৰ ব্যক্তিগত ডাটা সমূহ চোৱাচিটা কৰিব।

আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকল:যি কোনো প্ৰয়োজনীয় সহায়ৰ বাবে সমগ্ৰ বিশ্বৰ সেৱা প্ৰদানকাৰী সকলৰ সৈতে আমি সহযোগীতা স্থাপন কৰো। ছফট্‌ৱেৰ, ছিষ্টেম আৰু প্লেটফৰ্ম সমৰ্থন, পোনপটীয়া বিপণন সেৱা, ক্লাউড হষ্টিং চাৰ্ভিচ্‌, বিজ্ঞাপন, অৰ্ডাৰ সম্পুন্নকৰণ আৰু বিতৰণকে ধৰি প্ৰয়োজনীয় সেৱা সমুহৰ বাবে যেতিয়া প্ৰয়োজন হয় তেতিয়া ব্যক্তিগত ডাটা সমূহ যোগান ধৰা হয়। আমাক সেৱা প্ৰদান কৰাৰ বাহিৰে আন কোনো উদ্দেশ্যত ব্যক্তিগত ডাটা সমূহ ব্যৱহাৰ কৰাৰ বাবে আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকলক অনুমতি দিয়া নহয়। ইয়াৰউপৰিও যদিহে আমি তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকলক আপোনাৰ ব্যক্তিগত তথ্য পদান কৰো তেতিয়া আমি সেই সমূহ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীক নিৰ্বাচন কৰো যিয়ে নেকি সঠিক নতুবা উপযুক্ত কাৰিকৰী আৰু শাৰিৰীক সুৰক্ষা প্ৰদান কৰিব পাৰে আৰু আমি এই সমূহ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীক নিয়ন্ত্ৰন আৰু তত্বাৱধান লওঁ।বিপণনৰ উদ্দেশ্যত আমি আপোনাৰ ডাটা সমূহ তৃতীয় পক্ষক বিক্ৰী নতুবা ভাড়াত নিদিওঁ।অৱশ্যে ডাটা একত্ৰীকৰণৰ উদ্দেশ্যে আমি আপোনাৰ ব্যক্তিগত ডাটা ব্যৱহাৰ কৰিব পাৰো আৰু যাক নেকি আমাৰ অধীনত আনক বিক্ৰীও কৰিব পাৰো।এনে ধৰণৰ ডাটা একত্ৰীকৰণে আপোনাৰ কোনো ধৰণৰ ব্যক্তিগত বিবৰণ সামৰি নলয়। ডাটা সংগ্ৰহৰ উদ্দেশ্যে বুলি ওপৰত উল্লেখ কৰা আৰু “ব্যক্তিগত তথ্যৰ বিশেষ যত্নৰ” বাহিৰে যেনে আপোনাৰ প্ৰথম নাম, অন্তিম নাম, ইমেইল ঠিকনা, ফোন নম্বৰ, পথৰ ঠিকনা, চহৰ, ৰাজ্য, প্ৰান্তীয় অঞ্চল, কুকিছ, আই পি এদ্ৰেছৰ বাহিৰে আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীক আমি আপোনাৰ যি কোনো ব্যক্তিগত তথ্য দিব পাৰো। আপোনাৰ সন্মতি অবিহনেও ইমেইল আৰু ইণ্টাৰনেটৰ সুবিধা সমুহ ভাড়াত লব পাৰো। এই তৃতীয় পক্ষ সমূহ পৰিশোধ প্ৰচেছৰ, সমূহ কেন্দ্ৰ, ডাটা পৰিচালনা সেৱা আৰু শ্বিপিং কোম্পানী সমূহৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হব পাৰে কিন্তু সীমিত নহয়। এনেধৰণৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকলক আপোনাৰ ব্যক্তিগত ডাটা প্ৰ্দান কৰোতে উপযুক্ত অথবা উচিত কাৰিকৰী আৰু শাৰিৰীক সুৰক্ষাৰ ব্যৱস্থা কৰা হয়। আপোনাৰ ব্যক্তিগত ডাটা সমূহ যেতিয়া আপুনি এই তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকলক যোগান নধৰিবলৈ অনুৰোধ জনায় তেতিয়াই আমি এই ডাটা সমূহ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী সকলক যোগান ধৰাটো বন্ধ কৰি দিওঁ। যদি আপুনি আপোনাৰ ব্যক্তিগত তথ্য সমূহ আমাৰ তৃতীয় পক্ষ সেৱা প্ৰদানকাৰী সকলক দিয়াটো নিবিছাৰে তেনেক্ষেত্ৰত আপুনি dpr@tatamotors.com ত মেইল যোগে অনুৰোধ প্ৰেৰণ কৰি ইয়াৰ এক প্ৰতিলিপি প্ৰাপ্ত কৰিব পাৰে। আপুনি যেতিয়া আপোনাৰ ব্যক্তিগত তথ্য কোনো তৃতীয় পক্ষ সেৱা প্ৰদানকাৰীক দিয়ে নতুবা কোনো তৃতীয় পক্ষৰ পৰা ব্যক্তিগত তথ্য লাভ কৰে তেতিয়া আমি সেই ব্যৱস্থা সমূহ লিখি ৰাখো। ইয়াৰোপৰিও যেতিয়া আমি তৃতীয় পক্ষৰ পৰা ব্যক্তিগত তথ্য আহৰণ কৰো, কি পৰিস্থিতিত সেই তথ্য বোৰ আহৰণ কৰা হল সেই বিষয়ে পৰীক্ষা কৰো।

বিধিগত কাৰণত তৃতীয় পক্ষ সমূহ: যেতিয়া প্ৰয়োজনীয় বুলি বিশ্বাস কৰো তেতিয়া আমি ব্যক্তিগত ডাটা সমূহ ভাগ বতৰা কৰো, যেনে:

  • বিধি বলবৎকাৰী আৰু অন্য ৰাজহুৱা কৰ্তৃপক্ষকে ধৰি বিধিগত দায়বদ্ধতা সমূহ মানি চলিবলৈ আৰু চৰকাৰী সংস্থা সমূহৰ পৰা লাভ কৰা অনুৰোধৰ প্ৰত্যুত্তৰ দিবলৈ যিবোৰ নেকি আপুনি বসবাস কৰা দেশৰ বাহিৰৰ কৰ্তৃপক্ষওঁ হব পাৰে।
  • চামিলকৰণ, বিক্ৰী, পুনৰগঠন, অধিগ্ৰহন, যুটীয়া উদ্যোগ, বদলি নতুবা আমাৰ ব্যৱসায়ৰ সম্পূৰ্ণ বা কিছু অংশ বন্ধ কৰা সম্পতি আৰু জমাৰ ক্ষেত্ৰত (দেউলীয়াকে ধৰি সাদৃশ্য থকা বিষয় সমূহকে ভিতৰ কৰি)
  • আমাৰ অধিকাৰ, ব্যৱহাৰ, ব্যৱস্থা আৰু সেৱা সমূহ সংৰক্ষণ কৰিবৰ বাবে।

আমি ব্যক্তিগত ডাটা সমূহ কত জমা ৰাখো আৰু প্ৰক্ৰিয়াকৰণ কৰো

টিএমএল এক বৈশ্বিক সংগঠন হিচাপে আমি এইটো সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰো যাতে আমাৰ দ্বাৰা একত্ৰিত কৰা গোপনীয়তা জাননী আৰু যত আমি এই ডাটা সমূহ ৰাখো সেই ঠাইৰ প্ৰচলিত আইন আৰু আৱশ্যকতা অনুসৰি ইয়াক প্ৰক্ৰিয়াকৰণ কৰা হয়। টিএমএল ৰ নেটৱৰ্ক ডাটাবেছ চাৰ্ভাৰ, ছিষ্টেম, সমৰ্থন আৰু সহায়ক ডেস্ক থকা আমাৰ কাৰ্যালয় সমগ্ৰ বিশ্বতে আছে। আমি আমাৰ ব্যৱসায়িক আৱশ্যকতা, কৰ্ম্মচাৰীৰ শক্তি আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পুৰণৰ বাবে সমগ্ৰ বিশ্বতে থকা ক্লাউড হোষ্টিং সেৱা, যোগান আৰু কাৰিকৰী সহায়তাৰ বাবে তৃতীয় পক্ষৰ সৈতে সহযোগীতা গঢ়ি তোলো। ব্যক্তিগত ডাটা সমূহৰ প্ৰক্ৰিয়াকৰণ, সুৰক্ষিত আৰু স্থানান্তৰিত কৰণৰ ক্ষেত্ৰত আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰো।

টিএমএল এ আপোনাৰ ব্যক্তিগত ডাটা কাকো বিক্ৰী নকৰে নতুবা ভাড়াটো নিদিয়ে। কিছুমান ক্ষেত্ৰত যেনে আপুনি বিছৰা সেৱা আৰু উৎপাদন সমূহ আপোনাক প্ৰদান কৰাৰ বাবে আপোনাৰ ব্যক্তিগত ডাটা প্ৰয়োজন সাপেক্ষে টিএমএল ৰ ভিতৰতে নতুবা তৃতীয় পক্ষক প্ৰদান কৰিবলগীয়া হব পাৰে। যদি আমি অন্য দেশত ব্যক্তগত তথ্য স্থানান্তৰিত কৰো যত নেকি প্ৰচলিত আইনে আপোনাৰ নিজৰ দেশৰ দৰে ডাটাৰ সুৰক্ষা প্ৰদান নকৰে তেতিয়া আমি ডাটা গোপনীয়তা সুৰক্ষাৰ এক উচিত স্তৰ প্ৰদান কৰিবৰ বাবে উপায় অৱলম্বন কৰো। উদাহৰণস্বৰূপে আপোনাৰ ডাটা লাভ কৰা সকলে আপোনাৰ ব্যক্তিগত তথ্য সংৰক্ষণ কৰাটো সুনিশ্চিত কৰিবৰ বাবে আমি অনুমোদিত চুক্তিৰ ধাৰাসমূহ, বিভিন্নজনক ডাটা হস্তান্তৰিত কৰা চুক্তি, গ্ৰুপৰ ভিতৰতে হোৱা চুক্তি আৰু অন্যান্য উপায় সমূহ গ্ৰহণ কৰিব পাৰো।

আমি ব্যক্তিগত ডাটা কিদৰে সুৰক্ষিত কৰো

টিএমএলএ আপোনাৰ ব্যক্তিগত ডাটা সুৰক্ষাৰ বাবে উপযুক্ত কাৰিকৰী আৰু প্ৰক্ৰিয়া সমূহ ব্যৱহাৰ কৰে। আমাৰ তথ্যৰ সুৰক্ষা নীতি আৰু প্ৰক্ৰিয়া সমূহ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে ওত:প্ৰোত ভাবে জড়িত হৈ থাকে আৰু আমাৰ ব্যৱসায়িক আৱশ্যকতা, উদ্যোগিক পৰিবৰ্তন আৰু নিয়ামক প্ৰয়োজনীয়তা অনুসৰি পুনৰীক্ষণ কৰা হয়। উদাহৰণ স্বৰূপে,

  • নীতি আৰু প্ৰক্ৰিয়া সমূহ: টিএমএলএ আপোনাৰ ব্যক্তিগত ডাটাৰ লোকছান, অপব্যৱহাৰ, পৰিবৰ্তন নতুবা অজানিতভাবে নষ্ট হোৱাৰ পৰা বছোৱাৰ উদ্দেশ্যে উপযুক্ত কৰিকৰী, ভৌতিক আৰু পৰিচালনা পক্ৰিয়া অবলম্বন কৰিব পাৰে। আপোনাৰ বিষয়ে একত্ৰিত কৰা সকলোবোৰ ডাটা উপযুক্ত সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে আমাৰ সুৰক্ষা উপায় সমূহ সময়ে সময়ে পুনৰীক্ষন আৰু উন্নীত কৰা হয়।
  • আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ লাভ কৰাৰ ক্ষেত্ৰত উচিত বাধ্য বাধকতা আৰোপ কৰো।
  • আমি ডাটা সমূহ সুৰক্ষিত ভাবে সংগ্ৰহ কৰা তথা স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত নজৰ ৰখাৰ লগতে এই ডাটা সমূহক ভৌতিক উপায়েৰে উপযুক্ত সুৰক্ষাৰ লগতে নিয়ন্ত্ৰনৰ ব্যৱস্থা প্ৰয়োগ কৰো
  • ব্যক্তিগত ডাটা ব্যৱহাৰকাৰী আমাৰ কৰ্ম্মচাৰী আৰু ঠিকাদাৰ সকলক গোপনীয়তা, তথ্যৰ সুৰক্ষা আৰু অন্যান্য প্ৰ্যয়োজনীয় বিষয় সমূহৰ ওপৰত নিয়মিত ভাবে প্ৰশিক্ষণ দিব লগীয়া হয়
  • আমি এইটো সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰো যাতে আমাৰ কৰ্ম্মচাৰী আৰু ঠিকাদাৰ সকলে আমাৰ সূচনা সুৰক্ষা নীতি আৰু প্ৰক্ৰিয়া সমূহ প্ৰযোজ্য চুক্তিৰ অধীনত নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে।
  • আমি আমাৰ তৃতীয় পক্ষৰ বিক্ৰেতা আৰু সেৱা প্ৰদানকাৰী সকলক আমাৰ সুৰক্ষা নীতি আৰু প্ৰক্ৰিয়া সমূহৰ অধীনত ন্যস্ত কৰা ব্যক্তিগত ডাটা সমূহ চুক্তি আৰু সুৰক্ষা পুনুৰীক্ষণৰ অধীনত সুৰক্ষিত কৰি ৰখাটো বিছাৰো।

কুকিজ

সময়ে সময়ে আমি ‘কুকি” নামৰ এক প্ৰযুক্তি মানদণ্ড ব্যৱহাৰ কৰিব পাৰো। কুকি হল এটা সৰু “টেক্স” ফাইল যাক নেকি কম্পিউটাৰ নতুবা আন সৰঞ্জামৰ সৈতে ৰখা হয় আৰু ইয়াক ব্যৱহাৰকাৰী নতুবা সৰঞ্জাম চিনাক্তকৰণ আৰু তথ্য সংগ্ৰহৰ কাৰণে ব্যৱহাৰ কৰা হয়। কুকিজক সাধাৰণতে ই সম্পৰ্ন কৰা কাৰ্য আৰু ইস্পিত উদ্দেশ্যৰ ভিত্তিত চাৰিটা শাখাৰ ভিতৰত কোনো এটা শাখাত ৰখা হয়- বিপণনৰ উদ্দেশ্যে কুকিজ, প্ৰয়োজনীয় কুকিজ, প্ৰদৰ্শন কুকিজ আৰু কাৰ্যকৰী কুকিজ। এটা কুকিজে আপোনাৰ হাৰ্ড দ্ৰাইভৰ পৰা আন কোনো ডাটা পুনৰ প্ৰাপ্ত কৰিব নোৱাৰে, কম্পিউটাৰ ভাইৰাচ সোমাব নোৱাৰে নতুবা আপোনাৰ ইমেইল ঠিকনা ধৰি ৰাখিব নোৱাৰে। বৰ্তমান সময়ত ৱেবছাইট সমূহে ব্যৱহাৰকাৰী সকলৰ ভিজিট বঢ়াবৰ বাবে কুকিজৰ প্ৰয়োগ কৰে। সাধাৰণতে কুকিজে ব্যৱহাৰকাৰী সকলৰ আই ডি আৰু পাছৱৰ্ড সুৰক্ষিত ভাবে জমা কৰি ৰাখিব পাৰে, হোম পেজ সমূহ ব্যক্তিক কৰিব পাৰে আৰু চিনাক্ত কৰিব পাৰে যেনে ৱেবচাইট ব্যৱহাৰকাৰী সকল ৱেবচাইটৰ কোন কোন অংশত সোমাইছিল। যেতিয়া কুকি ৰখা হয় তেতিয়া আপোনাক জনাবৰ বাবে নিজৰ ব্ৰাউজাৰ স্থাপন কৰাটো সম্ভব। এই ধৰণে আপোনাৰ ওচৰত সিদ্বান্ত লোৱাৰ সুযোগ থাকে যে আপুনি কুকি স্বীকাৰ কৰিব নে নকৰে। আমাৰ আলহীয়ে এই ৱেবছাইটৰ কেনেকৈ আৰু কেতিয়া ব্যৱহাৰ কৰে সেই বিষয়ে জানিবলৈ যদি আমাৰ ছাইটটো আৰু অধিক সুন্দৰ কৰি তোলাত আমাক সহায় কৰিব পাৰে। ব্যক্তিগতভাৱে কুকিজে আমাক আপোনাৰ বিষয়ে একো নকয় যেতিয়ালৈকে আপুনি বিশেষভাৱে কোনো অতিৰিক্ত তথ্য প্ৰদান নকৰে। টিএমএলএ কুকিয়ে দিয়া তথ্য আমাৰ দ্বাৰা নতুবা তৃতীয় পক্ষৰ দ্বাৰা সংগৃহিত কোনো ধৰণৰ ব্যক্তিগতভাৱে চিনাক্তকৰণ কৰিব পৰা তথ্যৰ সৈতে চামিল নতুবা সম্বন্ধ গঢ়ি নোতোলে।

আমি কুকিজৰ ব্যৱহাৰ কৰিব পাৰো: i) ৱেবচাইটত আপোনাৰ ভিজিট গণনা কৰিবৰ বাবে ii)ৱেবছাইট ব্যৱহাৰ সম্বন্ধে বেনামি, সম্পূৰ্ণ আৰু পৰিসংখ্যাৰ তথ্য সংগ্ৰহৰ বাবে iii)আপোনাৰ প্ৰযোজনীয়তা আৰু আপুনি ৱেবছাইটত বিছৰণ কৰা ইতিহাস অনুসৰি উপযুক্ত সামগ্ৰী প্ৰদান কৰিবৰ বাবে iv) আপোনাৰ পাছৱৰ্ড সাচি ৰাখিবলৈ (এনেকুৱা কৰিবলৈ আপুনি অনুমতি দিলেহে) যাতে প্ৰতিবাৰে ৱেবছাইটত সোমোৱাৰ সময়ত পুনৰ দাখিল কৰিব নালাগে। নিজৰ ব্ৰাউজাৰত প্ৰাথমিকতা সংশোধন কৰি আপুনি সকলোবোৰ কুকিজ স্বীকাৰ বা অস্বীকাৰ কৰিব পাৰে,, নতুবা যেতিয়া কোনো এক কুকিজ স্থাপন কৰা হয় তেতিয়া তাৰ জাননী বিছাৰি অনুৰোধ জনাব পাৰে।

কটকটীয়াভাৱে প্ৰয়োজনীয় কুকিজ

এই কুকিজ সমূহ ৱেবছাইটৰ উচিত কামকাজৰ বাবে প্ৰয়োজনীয় যেনে বিষয়বস্তুৰ প্ৰদৰ্শন, লগঁইন কৰা, সেৱাৰ বাবে আপোনাৰ অনুৰোধৰ উত্তৰ দিয়া আৰু অন্যান্য কামৰ বাবে অধিক সংখ্যক ৱেব ব্ৰাউজাৰ কুকিজৰ ব্যৱহাৰ অক্ষম কৰাৰ বাবে স্থাপন কৰিব পৰা যায়, অৱশ্যে যদি আপুনি এই কুকি সমূহ অক্ষম কৰে তেতিয়া আপুনি আমাৰ ৱেবছাইটৰ সুবিধা সমূহ উচিত ধৰণে নতুবা একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে।

শিশু

আমি শিশু সকলক পোনপটীয়াভাৱে সেৱা প্ৰদান নকৰো নতুবা তেওঁলোকৰ ব্যক্তিগত তথ্য সক্ৰিয়ভাৱে একত্ৰিত নকৰো। মাক-বাপেক নতুবা অভিভাৱক সকলে শিশু সকলক আমাৰ ৱেবছাইট ব্যৱহাৰ কৰিবৰ বাবে অধিকাৰ প্ৰদান কৰিব পাৰে যদিহে তেওঁলোকে শিশু সকলে কৰা আচৰণৰ বাবে সকলো দায়িত্ব আৰু আইনী দায়বদ্ধতা গ্ৰহণ কৰে যত নেকি বিনা কোনো পৰিসীমাৰে শিশু সকলে টিএমএলৰ ছাইটত প্ৰবেশ আৰু ব্যৱহাৰৰ চোৱচিতা কৰাটো সন্নিবিষ্ট হৈ থাকে।

যদিহে টিএমএলএ জানিব পাৰে যে মাক দেউতাকৰ সন্মতি অবিহনে শিশুৰ ডাটা সংগ্ৰহ কৰা হৈছে তেতিয়া টিএমএলএ এনে ধৰণৰ তথ্য মচি পেলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা লব পাৰে, অৱশ্যে যদিহে আপুনি জানিব পাৰে যে আপোনাৰ শিশুৱে টিএমএলক নিজৰ তথ্য জমা দিয়ে তেতিয়া আপুনি ইমেইলৰ জৰিয়তে এই ডাটা সমূহ টিএমএলৰ ডাটাবেছৰ পৰা আতৰাবৰ বাবে অনুৰোধ কৰিব পাৰে। অনুৰোধ লাভ কৰাৰ পাছত টিএমএলএ নিজৰ ডাটাবেছৰ পৰা এনেধৰণৰ তথ্য আতৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব।

আপোনাৰ অধিকাৰ আৰু আপোনাৰ ব্যক্তিগত ডাটা

আমি আপোনাৰ তথ্য সমূহৰ সুগমতা আৰু নিয়ন্ত্ৰনৰ কাৰণে আপোনাৰ অধিকাৰক সন্মান জনাওঁ আৰু আপোনাৰ তথ্য সম্বন্ধীয় অনুৰোধ সমূহৰ উত্তৰো দিওঁ আৰু যত প্ৰযোজ্য হয় তাত আপোনাৰ ব্যক্তিগত তথ্য সঠিক, সংশোধন নতুবা মচি পেলাওঁ।

এনে ক্ষেত্ৰত এই অধিকাৰ সমূহ প্ৰয়োগ কৰাৰ আগতে আপুনি নিজৰ চিনাকি প্ৰমানৰ সৈতে উত্তৰ দিব লাগিব।

  • তথ্য ঢুকি পোৱাৰ অধিকাৰ: যিকোনো সময়ত আপোনাৰ সম্বন্ধে আমাৰ ওচৰত থকা তথ্য আৰু এই তথ্য সমূহ আমাৰ ওচৰত কিয় আছে, কোনে এই তথ্য সমূহ ঢুকি পাব পাৰে আৰু আমি কৰ পৰা এই তথ্য সমূহ লাভ কৰিলো সেই বিষয়ে জানিবলৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনাৰ অনুৰোধ লাভ কৰাৰ পাছত এমাহৰ ভিতৰত আমি উত্তৰ দিম। প্ৰথমবাৰ কৰা অনুৰোধৰ বাবে কোনো মাচুল দিব নালগে কিন্তু সেই ডাটাৰ বাবে জনোৱা অতিৰিক্ত অনুৰোধৰ বাবে এক প্ৰশাসনিক মাচুল দিব লগীয়া হব পাৰে। আপুনি আপোনাৰ ডাটাৰ বাবে কৰা অনুৰোধৰ বাবে কোনো কাৰণ দৰ্শোৱাৰ আৱশ্যকতা নাই কিন্তু আপুনি আপোনাৰ নিজৰ উচিত পৰিছয় দিয়াটো প্ৰয়োজনীয় হব পাৰে।
  • তথ্য সমূহ সঠিক আৰু উন্নীত কৰাৰ অধিকাৰ: যদি আমাৰ ওচৰত থকা আপোনাৰ ডাটা সমূহ পুৰণা, আধৰুৱা নতুবা ভুল হয় তেনেহলে আপুনি আমাক এই সম্বন্ধে সূচনা প্ৰদান কৰিব পাৰে আৰু আমাৰ দ্বাৰা আপোনাৰ ডাটা সমূহ উন্নীত কৰি তোলা হব।
  • আপোনাৰ তথ্য মচি পেলোৱাৰ অধিকাৰ: যদি আপুনি ভাবে যে আমি আপোনাৰ ডাটা সমূহ ব্যৱহাৰ কৰিব নালাগে নতুবা আমি আপোনাৰ ডাটা সমূহ অবৈধভাৱে ব্যৱহাৰ কৰি আছো তেতিয়াহলে আপুনি আমাৰ ওচৰত থকা ডাটা সমূহ মচি পেলাবৰ বাবে অনুৰোধ জনাব পাৰে। যেতিয়া আমি আপোনাৰ অনুৰোধ লাভ কৰিম তেতিয়া আমি আপোনাক জনাম যে ডাটা সমূহ আতৰাই পেলোৱা হল নতুবা কিয় আতৰব পৰা নগল (উদাহৰণস্বৰুপে আমাৰ বৈধ স্বাৰ্থ নতুবা নিয়ামক উদ্দেশ্য সমূহৰ বাবে ইয়াৰ প্ৰয়োজন)
  • প্ৰসংস্কৰণৰ ওপৰত আপত্তি কৰাৰ অধিকাৰ: আমাৰ ওচৰত থকা আপোনাৰ ডাটা সমূহৰ প্ৰসংস্কৰণ কৰা বন্ধ কৰিবৰ বাবে অনুৰোধ জনোৱাৰ অধিকাৰ আছে। অনুৰোধ লাভ কৰাৰ পাছত আমি আপোনাৰ সৈতে যোগাযোগ কৰিম আৰু আপোনাক জনাম যে আমি আপোনাৰ ডাটা অনুপালন কৰিবলৈ সক্ষম হয় নতুবা এই ডাটা সমূহৰ ক্ৰমোন্নতি অৱ্যাহত ৰখাৰ বৈধ ভিৰ্ত্তি আছে। আপোনাৰ দ্বাৰা আপত্তি কৰাৰ নিজৰ অধিকাৰ প্ৰয়োগ কৰাৰ পাছতো আমি আপোনাৰ অন্য অধিকাৰ সমূহ পালন কৰিবলৈ নতুবা বিধিগত দাবী সমূহ উঠাবলৈ নতুবা ৰক্ষা কৰাৰ কাৰণে আমি আপোনাৰ ডাটা সমূহ ৰাখি থব পাৰো।
  • ডাটা বহন কৰিব পৰাৰ অধিকাৰ: আপোনাৰ কিছু সংখ্যক ডাটা কোনো অন্য নিয়ন্ত্ৰকক স্থানান্তৰিত কৰি দিবৰ বাবে আমাক অনুৰোধ জনোৱাৰ অধিকাৰ আপোনাৰ ওচৰত আছে। এনেকুৱা কৰটো সম্ভৱ হলে আমি আপোনাৰ অনুৰোধ লাভ কৰাৰ এমাহৰ ভিতৰত আপোনাৰ অনুৰোধ ৰক্ষা কৰিম।
  • প্ৰসংস্কৰণৰ বাবে অনুমতি লৈ থোৱা ডাটা সমূহৰ ক্ষেত্ৰত যিকোনো সময়ত এই সন্মতি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ আছে। আপুনি টেলিফোন, ইমেইল নতুবা ডাকৰ জৰিয়তে সহজতে নিজৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে (সন্মতি প্ৰত্যাহাৰ কৰা প্ৰ পত্ৰ চাওক)।
  • যত প্ৰযোজ্য হয়, ব্যক্তিগত ডাটা প্ৰসংস্কৰণৰ ওপৰত অভিযোগ দাখিল কৰাৰ অধিকাৰ।
  • ডাটা সুৰক্ষা প্ৰতিনিধিৰ ওচৰত অভিযোগ দাখিল কৰাৰ অধিকাৰ।
  • আপুনি আমাৰ নতুবা তৃতীয় পক্ষৰ সৈতে সম্পৰ্ক কৰি বিপণনৰ খবৰবোৰ পঠিউৱাটো বন্ধ কৰিবৰ বাবে কব পাৰে। যেতিয়াই আপুনি এই বিপণন বাৰ্ত্তাবোৰ লাভ কৰাৰ পৰা নিজকে বিৰত কৰে তেতিয়া ই আমাক প্ৰদান কৰা ডাটা যেনে উৎপাদন, সেৱা, ক্ৰয়, পঞ্জীয়ণ সেৱা অভিজ্ঞতা নতুবা আন কোনো লেনদেনৰ ওপৰত প্ৰভাব নেপেলাই।
  • আপুনি সদায় আমাৰ পৰা নতুবা আমাৰ সহযোগী সকলৰ পৰা ইমেইল যোগাযোগ প্ৰাপ্ত কৰাৰ পৰা বিৰত থাকিব পাৰে। বিক্ৰী, আমাৰ ব্যৱসায় হস্তান্তৰ নতুবা আমাৰ কোম্পানী দেউলীয়া হোৱা বুলি ঘোষনা কৰাৰ বাদে আমি আপোনাৰ অনুমতি অবিহনে আমাৰ সৈতে জড়িত নথকা কোনো তৃতীয় পক্ষক আপোনাৰ ইমেইল ঠিকনা বিক্ৰী, ভাড়ালৈ নতুবা ব্যৱসায়ৰ বাবে নিদিওঁ।

কেতিয়লৈকে আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ৰাখিম?

যেতিয়ালৈকে আইনী নতুবা ব্যৱসায়ীক উদ্দেশ্যৰ বাবে ইয়াৰ উচিত প্ৰয়োজন হয় তেতিয়ালৈকে আমি ব্যক্তিগত বিবৰণ সমূহ বজাই ৰাখো। ডাটা লগত ৰখাৰ সময় নিদ্বাৰণৰ ক্ষেত্ৰত টিএমএলএ স্থানীয় আইন, চুক্তিগত দায়বদ্বতা আৰু গ্ৰাহকৰ আশা আকাংক্ষা সমূহ বিবেছ্না কৰে। যেতিয়া আমাক ব্যক্তিগত তথ্য সমূহৰ প্ৰয়োজন নোহোৱা হয় তেতিয়া আমি তাক সুৰক্ষিত ভাবে আতৰই দিওঁ নতুবা নষ্ট কৰি পেলাওঁ।

পৰিবৰ্ত্তন সমূহ

টিএমএলএ সময়ে সময়ে গোপনীয় নীতি সমূহ উন্নীত কৰিব পাৰে। আমি আপোনাক বৰ্তমানৰ গোপনীয় নীতি সমূহ চাবৰ বাবে উৎসাহিত কৰো যাতে আপুনি এই কথা অৱগত হয় যে টিএমএলএ আপোনাৰ তথ্য সমূহৰ ব্যৱহাৰ আৰু সুৰক্ষা কি দৰে কৰি আছে। যেতিয়া এই নীতিৰ কোনো গুৰুত্বপুৰ্ন পৰিবৰ্তন হয় তেতিয়া আমি এই ৱেবছাইটত এক সূচনা প্ৰদান কৰি কোন তাৰিখৰ পৰা ই কাৰ্যকৰী হব তাকো জনাওঁ।

প্ৰদান কৰা ডাটাৰ সুৰক্ষা

আমাক প্ৰদান কৰা আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষাৰ বাবে আমাৰ ওচৰত কটকটীয়া সুৰক্ষা ব্যৱস্থা আছে। আমি সকলোবোৰ ব্যক্তিগত তথ্য সুৰক্ষিত ধৰণে সংগ্ৰহ কৰো। ইয়াৰ লোকচান, অপব্যৱহাৰ, ভুল ভাবে কৰা উদ্ঘাটন, পৰিবৰ্তন নতুবা বিনাশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হয়। উল্লেখিত সুৰক্ষা ব্যৱস্থা সমূহ সময়ে সময়ে উন্নীত কৰা হয়, অৱশ্যে ইণ্টাৰনেট প্ৰসাৰণৰ সময়ত কোনো ধৰণৰ অনাকাংক্ষিত লোকচান, অপব্যৱহাৰ, পৰিবৰ্তন আদি যদি হয় তাৰ বাবে টিএমএল জগৰীয়া নহয় যদিহে এনে লোকচান, ক্ষতি বা অপব্যৱহাৰ কোনোধৰণৰ অপ্ৰত্যাশিত ঘটনা আপোনাৰ দ্বাৰা সংঘঠিত হয়।

টিএমএলএ আপোনাৰ ডাটা সমূহ সদ্ভাৱ পূৰ্বক বিশ্বাস নতুবা যেতিয়া আইনী দায়িত্ব পালন কৰাৰ বাবে আবশ্যক হয় বা কোনো আইন নতুবা কোনো উপযুক্ত আদালত বা বিধিসম্পন্ন প্ৰাধিকৰণৰ আদেশ অনুসৰি টিএমএলএ আইনী অধিকাৰ নতুবা বৌদ্ধিক সম্পত্তি অধিকাৰ সমূহৰ ৰক্ষা কৰাৰ কাৰণে আপোনাৰ ডাটা সমূহ প্ৰকাশ কৰিব পাৰে।

আপোনাৰ দায়িত্ব

আপুনি টিএমএলক আশ্বাস দিয়ে যে আপুনি ৱেবছাইটৰ ব্যৱহাৰ কোনো ধৰণৰ উদ্দেশ্যত নকৰিব যিবোৰ নেকি ইয়াৰ ব্যৱহাৰ চৰ্ত্তৰ দ্বাৰা অবৈধ নতুবা নিষেধ কৰা হৈছে। এই ৱেবছাইটক লোকচান কৰিব পৰা, ক্ষতি কৰিব পৰা, অধিক বোজা জাপি দিব পৰা নতুবা ৱেবছাইট নষ্ট কৰিব পৰা বা অন্য পাৰ্টিয়ে এই ৱেবছাইট ব্যৱহাৰ কৰি ইয়াক হস্তক্ষেপ কৰিব পৰা কোনো ধৰণৰ কামৰ বাবে এই ৱেবছাইট ব্যৱহাৰ নকৰিব। আপুনি কেতিয়াও এই ৱেবছাইটৰ সংশোধন, প্ৰতিলিপি, বিতৰণ, প্ৰসাৰণ, প্ৰদৰ্শন, পুনৰ উৎপাদন আৰু প্ৰচাৰ নকৰিব। আমাৰ আগতীয়া অনুমতি অবিহনে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে টিএমএলৰ ৱেবছাইটৰ পৰা লাভ কৰা কোনোধৰণৰ ডাটা, সেৱা, স্থানান্তৰিত কৰা নতুবা বিক্ৰী কৰিব নোৱাৰিব। ব্যক্তিগত আৰু অন্য ব্যৱসায়িক ব্যৱহাৰ বাদ দি এই সামগ্ৰী সমূহ আৰু ইয়াৰ কোনো অংশ কম্পিউটাৰত সংগ্ৰহ কৰিব নোৱাৰিব।

শাসকীয় আইন/ক্ষেত্ৰিয় অধিকাৰ

এই গোপনীয় নীতি ভাৰতীয় আইনৰ অধীনত থাকিব আৰু মুম্বাই (ভাৰত)ৰ আদালতৰ ওচৰত ইয়াৰ দ্বাৰ উৎপন্ন হোৱা যিকোনো প্ৰকাৰৰ বিবাদ পৰীক্ষণ কৰাৰ ক্ষেত্ৰীয় অধিকাৰ থাকিব।

প্ৰশ্ন/যোগাযোগৰ তথ্য

যদি এই গোপনীয়তা নীতি সম্বন্ধে আপোনাৰ কিবা প্ৰশ্ন নতুবা মন্তব্য আছে তেনেহলে আপুনি অনুগ্ৰহ কৰি dpr@tatamotors.com ত আমাৰ সৈতে যোগাযোগ কৰক

বলবৎ হোৱা তাৰিখ: 23.03.22